মই কি কি বিষয়ৰ বাবে প্ৰাৰ্থনা কৰিব পাৰোঁ?
পবিত্ৰ শাস্ত্ৰ বাইবেলে উত্তৰ দিয়ে
ঈশ্বৰে গ্ৰহণ কৰিব পৰা যিকোনো বিষয়ৰ ওপৰত আপুনি প্ৰাৰ্থনা কৰিব পাৰে। এই বিষয়ে পবিত্ৰ শাস্ত্ৰ বাইবেলে এইদৰে বৰ্ণনা কৰিছে: “তেওঁৰ উদ্দেশে আমি পোৱা সাহ এই যে, আমি যদি তেওঁৰ ইচ্ছাৰ দৰে কিবা যাচ্না কৰোঁ, তেন্তে তেওঁ আমাৰ সেই যাচ্না শুনে।” (১ যোহন ৫:১৪) আপুনি ব্যক্তিগত চিন্তা-ভাৱনাবোৰৰ বিষয়ে প্ৰাৰ্থনাত উল্লেখ কৰিব পাৰেনে? নিশ্চয় পাৰিব। বাইবেলে এইদৰে বৰ্ণনা কৰিছে: “তোমালোকৰ সমুদায় মনৰ কথা তেওঁৰ [ঈশ্বৰৰ] আগত ভাঙি কোৱা।”—গীতমালা ৬২:৮.
কি কি বিষয়ে প্ৰাৰ্থনা কৰিব পাৰি তাৰ কিছুমান উদাহৰণ
ঈশ্বৰৰ ওপৰত বিশ্বাস বঢ়াবলৈ।—লূক ১৭:৫.
পবিত্ৰ আত্মা বা ঈশ্বৰৰ সক্ৰিয় শক্তিয়ে আপোনাক যি উচিত তাক কৰাৰ বাবে সহায় বিচাৰি।—লূক ১১:১৩.
সমস্যাবোৰৰ সন্মুখীন হʼবলৈ আৰু প্ৰলোভনবোৰৰ বিৰুদ্ধে থিয় দিবলৈ।—ফিলিপীয়া ৪:১৩.
মনৰ শান্তি বা শান্ত হৈ থাকিবলৈ।—ফিলিপীয়া ৪:৬, ৭.
সঠিক নিৰ্ণয় লোৱাৰ বাবে প্ৰজ্ঞা বিচাৰি।—যাকোব ১:৫.
দৈনন্দিন প্ৰয়োজনীয়তাবোৰৰ বাবে সহায় বিচাৰি।—মথি ৬:১১.
পাপৰ বাবে ক্ষমা বিচাৰি।—মথি ৬:১২.